মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

কল্যাণ আচঁনি: সাংবাদিকসকলৰ ক্ষমতায়ন

সাংবাদিকৰ পৰিয়াল কল্যাণ আঁচনি

সাংবাদিকৰ পৰিয়াল কল্যাণ আঁচনি হৈছে ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰৱৰ্তিত হোৱা এক সহায়কাৰী আঁচনি। ২৯ ফেব্ৰুৱাৰী ২০১৬ চনত IPRD.62/2015/110 জাননী যোগে চৰকাৰে এই আঁচনি প্ৰৱৰ্তন কৰে। এই আঁচনিৰ অধীনত এগৰাকী সাংবাদিকৰ অকাল মৃত্যু ঘটিলে সাংবাদিকগৰাকীৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই উদ্দেশ্যে বিভাগে ষ্টেট বেংক অৱ ইণ্ডিয়া দিশপুৰ শাখাত এটি ছেভিংছ বেংক একাউণ্ট মুকলি কৰিছে।

চৰকাৰে এই আঁচনিৰ বাবে ইতিমধ্যে ইয়াৰ নিয়মসমূহ যুগুত কৰিছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে এক কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।