মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

কল্যাণ আচঁনি: সাংবাদিকসকলৰ ক্ষমতায়ন

সাংবাদিকৰ পেঞ্চন আঁচনি

অসম সাংবাদিক পেঞ্চন আঁচনি ২০১৬ চনৰ জানুৱাৰী মাহত প্ৰৱৰ্তন কৰা হয়। ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিকসকলৰ কল্যাণাৰ্থে এই আঁচনি গ্ৰহণ কৰা হয়। ইয়াৰ বাবে আবেদনকাৰী সাংবাদিক অৱসৰপ্ৰাপ্ত হ’ব লাগিব। অসমৰ সংবাদক্ষেত্ৰত কমেও ২০ বছৰ সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত সাংবাদিকক মাহিলি ৮০০০ টকাকৈ পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সাংবাদিকসকলে সংবাদক্ষেত্ৰত প্ৰদান কৰা সেৱাৰ স্বীকৃতি স্বৰূপে এই সেৱা প্ৰদান কৰা হয়।

২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত ইয়াৰ বাবে ২০ লাখ টকা আবণ্টন কৰা হৈছে। ২০১৭ ৰ ৭ ফেব্ৰুৱাৰী তাৰিখে মাননীয় বিত্তমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ২০১৭ বৰ্ষৰ পৰা শিক্ষা, ক্ৰীড়া আৰু শিল্পৰ সৈতে জড়িত যোগ্যতাসম্পন্ন অৱসৰপ্ৰাপ্ত সাংবাদিকসকলক প্ৰতি বছৰে পেঞ্চন প্ৰদান কৰা হ’ব।