মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

স্থায়ী লাউডস্পিকাৰ পদ্ধতি

  • ফিক্সড লাউডস্পীকাৰ চিষ্টেম হৈছে চৰকাৰে সাধাৰণ নাগৰিকক লগ পোৱাৰ এক পোনপটীয়া মিডিয়া ব্যৱস্থা। জনসাধাৰণৰ সৈতে জড়িত বিষয়সমূহ সহজে আৰু পোনপটীয়াকৈ প্ৰচাৰিত হয়। এআইআৰ আঞ্চলিক বাতৰি, কৃষি, স্বাস্থ্য ইত্যাদি কাৰ্য্যসূচীসমূহে ইয়াক গুৰুত্ত প্ৰদান কৰি ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

    ২০০৭-০৮ বিত্তীয় বৰ্ষত গাঁও পঞ্চায়ত পৰ্যায়ত ফিক্সড্ লাউডস্পীকাৰ চিষ্টেম পদ্ধতি ইনষ্টল কৰা কাৰ্য্যৰ আৰম্ভ কৰা হৈছিল। ৰাজ্যত গাঁও পঞ্চায়ত পৰ্যায়ত ফিক্সড লাউডস্পীকাৰ পদ্ধতি ২০১৪-১৫ ত ইনষ্টল কৰাৰ সংখ্যা হৈছে ১২৯২ টা। কিন্তু সঠিক পৰিচালনাৰ অভাৱৰ বাবে গাঁও পঞ্চায়ত পৰ্যায়ৰ বাবে বহুকেইটা ফিক্সড লাউডস্পীকাৰ চিষ্টেম অব্যৱহৃত অৱস্থাত আছে। এই দিশটো বিবেচনা কৰি ফিক্সড লাউডস্পীকাৰ চিষ্টেমসমূহ মাথো নগৰাঞ্চলত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    চহৰত স্থাপিত কাৰ্য্যালয়সমূহৰ মুঠ সংখ্যা:

    • ৰাজ্যিক হেড কোৱাৰ্টাৰ: ১
    • জিলা কাৰ্য্যালয়: ২১
    • মহকুমা কাৰ্য্যালয়: ১৫
    • মুঠ কাৰ্য্যালয়ৰ সংখ্যা: ৩৭

    নগৰত থকা এফএলএচ সমূহৰ বৰ্তমান স্থিতি:

    কাৰ্য্যকৰী শাখাঅনা কাৰ্য্যকৰী শাখামুঠ শাখা
    ৬২২৪৪৪১০৬৬