মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

কল্যাণ আচঁনি: সাংবাদিকসকলৰ ক্ষমতায়ন

সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনি

সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিখন প্ৰথম ৰূপায়ন হৈছিল ২০১২ চনত। এই আঁচনিৰ অধীনত অসমৰ স্বীকৃত সাংবাদিকলৈ তেওঁলোকৰ চিকিৎসা ব্যয়ৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই আঁচনিয়ে সাংবাদিকৰ উপৰিও তেওঁৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্যসকলকো চিকিৎসা সম্পৰ্কীয় দিশত সাহায্য প্ৰদানৰ বাবে সামৰি লয়। এই আৰ্থিক অনুদানসমূহ আচঁনিৰ কৰ্পাচ পুজিঁৰ পৰা লাভ কৰা সুতৰ পৰা প্ৰদান কৰা হয়।

১০৩ গৰাকী সংবাদিকে এই আঁচনিৰ সঞ্চিত নিধিৰ পৰা ৫৩.৯২ লক্ষ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে।