মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

গ্ৰন্থাগাৰ

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত তথ্য আৰু জনসংযোগ বিভাগৰ এটি পুথিভঁৰাল আছে। ইয়াত প্ৰায় ১০,৪০০ বিভিন্ন বিষয়ৰ অসমীয়া আৰু ইংৰাজী পাঠ্যপুথি আছে আৰু জনসাধাৰণে ব্যৱহাৰ কৰিব পৰাকৈ ৯০ ৰ দশকৰ পৰা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত আলোচনীসমূহ সংৰক্ষণ কৰি ৰখা হৈছে। তথ্য আৰু জনসংযোগ বিভাগৰ এটি বাতৰি কাকত অভিলেখাগাৰো আছে য’ত ১৯৬৫ চনৰপৰা বৰ্তমানলৈ বিভাগৰ বাতৰি কাকতসমূহ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে।

    প্ৰতিদিনে বৃহৎ সংখ্যক দৰ্শক এই পুথিভঁৰাললৈ আহে আৰু প্ৰতি বছৰে ইয়াত নতুন নতুন কিতাপ সন্নিৱিষ্ট কৰি পাঠকৰ অধ্যয়নৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।