মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department তথ্য আৰু জনসংযোগ সঞ্চালকালয়

আমি কি কৰো

  • বিভাগীয় কাম-কাজ সুচাৰুৰূপে কৰিবৰ বাবে সঞ্চালকালয়ে কিছু নিৰ্দিষ্ট কাম হাতত লৈছে। এই কামসমূহ তলত দিয়া ধৰণৰ-

    প্ৰেছ সংযোগী শাখা

    এই বিভাগে প্ৰয়োজন অনুসৰি আলোকচিত্ৰ প্ৰকাশ কৰি বিভাগীয় বা-বাতৰিসমূহ সাজু কৰি তোলে আৰু বৈদ্যূতিন মাধ্যমত প্ৰকাশৰ ব্যৱস্থা কৰে। এই বিভাগে ভুল বাতৰিৰ স্পষ্টীকৰণ দি ইয়াৰ শুদ্ধ ৰূপ জনসাধাৰণৰ ওচৰত প্ৰকাশ কৰাৰ গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰে। এই শাখাৰ অন্য এটি প্ৰধান দায়িত্ব হৈছে ই গুৰুত্তপূৰ্ণ উপলক্ষসমূহত ভাষণৰ বক্তব্য আৰু বাৰ্তাসমূহ সাজু কৰি তোলে। ইয়াৰ উপৰি ই চৰকাৰী কাম-কাজৰ এক গুৰুত্তপূৰ্ণ অংশ সামৰি লয়।

    প্ৰেছ গৱেষণা শাখা

    এই শাখাই ৰাজ্যৰ আৰু চৰকাৰী কাৰ্য্যসমূহৰ বিষয়ে প্ৰস্তুত কৰি তোলা প্ৰতিবেদনসমূহ পৰীক্ষা কৰে। ইয়াৰ উপৰি এই বিভাগত দৈনন্দিন বাতৰি কাকতসমূহ সংৰক্ষণ কৰি ৰখা হয়।

    অভিলেখাগাৰ

    এই শাখাই বিভাগীয় সকলো গুৰুত্তপূৰ্ণ কাম-কাজৰ আলোকচিত্ৰ গ্ৰহণ কৰে আৰু এয়া সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে। এই সংৰক্ষিত সা-সামগ্ৰীসমূহ মিডিয়াত প্ৰকাশৰ বাবে বিতৰণ কৰা হয়। তদুপৰি দৈনন্দিন বাতৰি কাকতসমূহ ইয়াত সংৰক্ষণ কৰা হয়।

    চৰকাৰে সদায়েই প্ৰকাশৰ বাবে এক শক্তিশালী মাধ্যমক গুৰুত্ত প্ৰদান কৰি আহিছে। সকলো চৰকাৰী বিজ্ঞাপন মিডিয়াত প্ৰকাশ কৰিবলৈ তথ্য আৰু জনসংযোগ বিভাগ (DIPR) প্ৰধান সংস্থা। চৰকাৰে DIPR ত প্ৰচাৰৰ বাবে বিজ্ঞাপনসমূহ দিয়াৰ উপৰিও ইয়াৰ বাবে মাননী প্ৰদান কৰে।

    সাংস্কৃতিক উইং

    সমাজৰ বিকাশৰ ক্ষেত্ৰত নৃত্য, গীতসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। এই নৃত্য গীতত অংশগ্ৰহণ কাৰ্য্যই সাম্প্ৰদায়িক অংশগ্ৰহণ আৰু বান্ধোনৰ ক্ষেত্ৰটো প্ৰশাসনিক দিশলৈ শুভ বাৰ্তা বহন কৰিছে। তথ্য আৰু জনসংযোগ এটি বিভাগ য’ত এনে শিল্পীৰ সম্পূৰ্ণ সমাহাৰ ঘটিছে।

    প্ৰদৰ্শনী উইং

    গুৰুত্তপূৰ্ণ আলোকচিত্ৰ, কাৰুকাৰ্য ইত্যাদিৰ শিল্পীসুলভ প্ৰদৰ্শনে সদায়েই জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তথ্য আৰু জনসংযোগ বিভাগৰ এনে এটি বিশেষ শাখা আছে যিয়ে প্ৰদৰ্শনৰ উদ্দেশ্যে শিল্প সম্পদক অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰে।

    কাৰিকৰী শাখা

    পাব্লিক এড্ৰেছ চিষ্টেমৰ জৰিয়তেও ডি.আই.পি.আৰ বিভাগে কাৰ্য্যালয়ৰ জৰুৰী কাৰ্য্যসমূহ সামৰি লয়। এই কাৰ্য্য সম্পাদনৰ বাবে ই প্ৰশিক্ষিত বিষয়া কৰ্মচাৰীৰে গঠিত এটি শাখা। এই শাখাই ‘ফিক্সড লাউডস্পীকাৰ চিষ্টেম’ ৰ এটি বিশাল নেটৱৰ্ক ৰাজ্যৰ প্ৰায় সকলোবোৰ গুৰুত্তপূৰ্ণ চহৰ-নগৰত পৰিচালনা কৰে। এই ক্ষেত্ৰত ই লোকেল ব্ৰোডকাষ্টাৰ হিচাপে কাৰ্য্য পৰিচালনা কৰে।

    তথ্য কেন্দ্ৰ

    জ্যেষ্ঠ বিভাগীয় বিষয়াৰ তত্বাৱধানত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যথেষ্টসংখ্যক কিতাপ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে ডি.আই.পি.আৰ বিভাগৰ এটি তথ্যকেন্দ্ৰ আছে। জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহী সকলো ব্যক্তিৰ বাবেই ই মুকলি।

    প্ৰকাশন শাখা

    ডি.আই.পি.আৰ ৰ গুৰুত্তপূৰ্ণ চৰকাৰী নীতি, মতামত, বাখ্যা, জনকল্যাণ সম্পৰ্কীয় বিষয়, বিভিন্ন উপলক্ষ্যত প্ৰকাশ কৰা গুৰুত্তপূৰ্ন বক্তব্য ইত্যাদি এই শাখাই যুগুত আৰু প্ৰচাৰ কৰে। বিভিন্ন প্ৰকাৰৰ লেখা, পুস্তিকা আদি প্ৰকাশ কৰি উলিওৱাৰ উপৰিও ই ৩০,০০০ কপিৰে সৈতে ‘ৰাইজৰ বাতৰি’ প্ৰকাশ কৰি আহিছে। এই বাতৰি কাকতে চৰকাৰৰ কাৰ্য্যালয়ৰ বাতৰি আৰু জনসাধাৰণৰ মতামতসমূহ প্ৰকাশ কৰি আহিছে।

    আঞ্চলিক কাৰ্য্যালয়

    ৰাজ্যৰ বিভিন্ন অংশত আৰু ৰাজ্যৰ বাহিৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে (ডি.আই.পি.আৰ) পাঁচটা আঞ্চলিক কাৰ্য্যালয় স্থাপন কৰিছে। আঞ্চলিক কাৰ্য্যালয়সমূহ ৰাজ্যৰ ভিতৰৰ ডিফু, যোৰহাট আৰু কোকৰাঝাৰ আৰু ৰাজ্যৰ বাহিৰৰ কলকাতা আৰু নতুন দিল্লীত অৱস্থিত। এই কাৰ্য্যালয়সমূহে নিৰ্দিষ্ট এলেকাৰ ভিতৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্য্যসমূহ পৰিচালনা কৰে।

    জিলা আৰু খণ্ড উন্নয়ন কাৰ্য্যালয়

    ডি.আই.পি.আৰ ৰ ৰাজ্যৰ বিভিন্ন স্থানত মকৰল হৈ থকা বিভাগীয় কাৰ্য্যালয়সমূহৰ মাজত নেটৱৰ্কৰ সুসম্পৰ্ক আছে। তথ্য আৰু জনসংযোগ বিভাগৰ জিলা আৰু মহকুমা কাৰ্য্যালয়সমূহে ক্ষেত্ৰ পৰ্যায়ত অতি গুৰুত্তপূৰ্ণ আৰু বিশ্বাসযোগ্য কাৰ্য্য সম্পাদন কৰে। ইয়াৰ বিষয়াসকলে চৰকাৰী নীতিৰ সমৰ্থনৰ সন্দৰ্ভত জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে অ’ডিঅ, ভিজুৱেল মিডিয়া ইত্যাদিৰ মাধ্যমেৰে প্ৰায়েই বিভিন্ন ধৰণৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰে। এই ক্ষেত্ৰ বিষয়াসকলে গুৰুত্তপূৰ্ণ স্থানসমূহত জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাই কাৰ্য্যালয়ৰ ঘোষণা প্ৰচাৰ কৰিবলৈ ফিক্সড লাউডস্পীকাৰ চিষ্টেম (FLS) পৰিচালনা কৰে। এই সহজ চেটেলাইট ব্ৰ’ডকাষ্ট পদ্ধতিৰ আগমনৰ আগতে ক্ষেত্ৰ বিষয়াসকলে চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্য্যসূচীৰ জৰিয়তে প্ৰচাৰ কাৰ্য্য চলাইছিল। এই বিষয়াসকলে জনসাধাৰণৰ বাবে মূল্যবান পুথিৰে পৰিপূৰ্ণ পুথিভঁৰালো যোগান ধৰিছে।